মানকাচৰঃ মানকাচৰত MGNREGA আঁচনিৰ নামত চলিছে কেৱল দুৰ্নীতি, অনিয়ম। মানকাচৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত ঝগড়াৰচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ৰহিলা খাতুন আৰু তেওঁৰ স্বামীৰ আজাদ হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আজাদ হুছেইনে কেইবাগৰাকীয়ো দালালৰ লগত মিলি ঝগড়াৰচৰ গাঁও পঞ্চায়তত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

লগতে পঢ়কঃচাকৰি নিয়মীয়াকাৰণ কৰাৰ আহ্বান শিক্ষক সকলৰ

মানকাচৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত ঝগড়াৰচৰ গাঁও পঞ্চায়তত এতিয়া বগা হাতীত পৰিণত হৈছে MGNREGA ৰ কাম। উল্লেখ্য যে MGNREGA আঁচনিৰ ২০২০-২১ বৰ্ষত চৰকাৰে ৯,৯০,০০০ টকা আৱণ্টন দিছিল।

লাখ লাখ টকা আৱণ্টন দিয়াৰ পিছতো ভালদৰে পথৰ  কাম নকৰাকৈ মাত্ৰ কেইগাড়ী মান মাটি পেলাই লাখ লাখ  টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঝগড়াৰচৰ গাঁও পঞ্চায়তৰ  সভানেত্ৰী আৰু তেওঁৰ স্বামী আজাদ হুছেইনৰ বিৰুদ্ধে।

স্থানীয় ৰাইজে সভানেত্ৰীৰ লগতে আজাদ হুছেইনৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে।

এনেকুৱা দুৰ্নীতিগ্ৰস্ত সভানেত্ৰীৰ  বিৰুদ্ধে চৰকাৰ তথা জিলা প্ৰশাসনে কি ব্যৱস্থা কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply