মানকাচৰঃ মানকাচৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট সহ নগদ ৩২৯৯০ টকা জব্দ।

মানকাচৰৰ সৰকাৰ পাৰাৰ পৰা আৰক্ষীয়ে জব্দ কৰে নিচা জাতীয় টেবলেটখিনি ।

উল্লেখ যে সোমবাৰে নিশা প্ৰায় ৭ মান বজাত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি মানকাচৰৰ সৰকাৰ পাৰাৰ আতাব্বৰ আলীৰ পুত্ৰ নুৰ আলমৰ ঘৰত অভিযান চলায়।

আৰু পঢ়কঃসোণাপুৰৰ ১৫০ খন গাঁৱৰ প্ৰত্যেক লোকৰ ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

নুৰ আলমৰ ঘৰৰ পৰা আৰক্ষীয়ে ১০০০ নিচা জাতীয় টেবলেট আৰু নগত ৩২৯৯০ টকা জব্দ কৰে।

আৰক্ষী অহাৰ উমান পাই নুৰ আলম পলাই যাবলৈ সক্ষম হয়।

মানকাচৰ আৰক্ষীয়ে নুৰ আলমৰ বিৰুদ্ধে গোচৰ ৰজু কৰে আৰু অতি সোনকালে ড্ৰাগছ সৰবৰাহকাৰী নুৰ আলমক কৰায়ক্ত কৰিবলৈ অনুসন্ধান চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply