নিউজ ডেস্ক– তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মানকাচৰ সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।
অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ সংখ্যালঘু মহিলা সকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে।
মানকাচৰ পশ্চিম গাওঁপঞ্চায়তৰ সভানেত্ৰী আনুফা ইছলামৰ নেতৃত্বত কেৱল মহিলাৰ বাবে মানকাচৰৰ মিঞাপাৰাত নিৰ্বাচনী কাৰ্যালয় স্থাপন কৰিছে।
আৰু পঢ়কঃ টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ত সম্বৰ্দ্ধনা অনুষ্ঠান
প্ৰতি দিনে প্ৰায় দুশ- তিনিশ মহিলাই জাভেদ ইছলামৰ হৈ মানকাচৰৰ তিনিটা গাওঁ পঞ্চায়ত ক্ৰমে মানকাচৰ পশ্চিম গাওঁ পঞ্চায়ত, মানকাচৰ পূব গাওঁ পঞ্চায়ত, মানকাচৰ বজাৰ গাওঁ পঞ্চায়তৰ অলিয়ে গলিয়ে প্ৰচাৰ অভিযান চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব লৈ সক্ষম হৈছে।
ইফালে চৰকাৰী বিভিন্ন আঁচনি লাভৰ আশাত সকলোৱে অনাগত দিনত চৰকাৰী আঁচনিৰ সুযোগ সুবিধা পোৱাৰ আশাৰে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক ভোট দিয়াৰ বাবে মনস্থ কৰিছে।
আৰু পঢ়কঃ পিতৃৰ খোজত খোজ মিলাই ছানী দেউলৰ দ্বিতীয় পুত্ৰয়েও খোজ থ’লে বলীউদত
মানকাচৰৰ হেজাৰ হেজাৰ মহিলাই অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ জনপ্ৰিয়তাৰ প্ৰতি আকৰ্ষিত হৈ তেওঁকে ভোট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অগপ-বিজেপিৰ প্ৰতি বহু সংখ্যালঘু ভোটাৰ আকৰ্ষিত হৈ পৰাও পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত উৎফুল্লিত হৈ পৰিছে অগপ বিজেপিৰ কাৰ্যকৰ্তা সকলো।
অগপ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ শাসন কালত মহিলা সকলে বিভিন্ন চৰকাৰী আঁচনি লাভ কৰিছে বুলি সদৰী কৰে কাৰ্যকৰ্তা সকলে।