মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নৈপৰীয়া অঞ্চল সমূহত আৰাম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গড়াখহনীয়া ৷

খহনীয়াৰ কবলত পৰিছে মানকাচৰ সমষ্টিৰ মলাখোৱা আৰু সুখচৰ গাওঁ পঞ্চায়তৰ কেইবাখনো নৈপৰীয়া গাওঁ ৷

এসপ্তাহৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ যাৰ বাবে গড়াখহনীয়াৰ তাণ্ডৱত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

লগতে পঢ়কঃদক্ষিণ শালমাৰা মানকাচৰত পিস্তল সহ যুৱক আটক


ইতিমধ্যে বিগত ৫ বছৰে ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই উটুৱাই লৈছে অঞ্চলটোৰ সহস্ৰাধিক পৰিয়ালৰ বাসগৃহ , চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ লগতে শ শ বিঘা কৃষিভূমি ৷

এতিয়া নিৰাপদ স্থান বিচাৰি হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে বিপদৰ সময়তো সময়তো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় সাংসদ মৌলানা বদৰউদ্দিন আজমল আৰু মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৷

শীৰ্ঘ্ৰেই স্থায়ী নদী বান্ধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply