দক্ষিণ শালমাৰা:- দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন ঠাইত অৰ্ধশতাধিক কাঠফলা মিল আৰু কেবাটাও নদীত অবৈধ ভাবে বালি আৰু মাটি খনন কৰাৰ ফলত বন সম্পদ লাহে লাহে ধংস হৈ পৰাৰ লগতে নদীৰ দুয়োপাৰে গৰাখহনীয়াৰ সৃষ্টি হোৱাৰ পাছতো ৰহস্যজনক ভাবে বন বিভাগে কোনো বিশেষ ভূমিকা গ্ৰহন নকৰাত দল-সংগঠন, ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনত থকা চৰ খলিচামাৰীত জিঞ্জিৰাম নদীত বিগত কিছুদিন ধৰি এটা চক্ৰই ৭-৮ খন মেচিন বহাই নদীৰ পৰা অবৈধ ভাবে মাটি খনন কৰি আছে। চৰ খলিচামাৰীৰ নদীৰ কাষতেই নুৰুল আজিম নামৰ এগৰাকী বন বিভাগৰ কৰ্মীৰ স্থায়ী ঘৰ। সেই ঘৰখনতে তেওঁ বসবাস কৰে। অথচ তেওঁ এইবোৰ দেখিও সকলো নেদেখাৰ ভাও জুৰি থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।ফলত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিঞ্জিকান নদীৰ মাজত এইদৰে মেচিন বহাই অবৈধ ভাবে মাটি খনন কৰি থকাৰ ফলত নদীৰ দুয়োপাৰে আৰম্ভ হৈছে গৰাখহনীয়া। যাৰ বাবে এনে অবৈধ কাৰবাৰ বন্ধ কৰাৰ বাবে ৰাইজে দাবী উত্থাপন কৰাৰ লগতে অবৈধ ভাবে মাটি খনন কৰা ব্যক্তিকেইজনক কৰায়ত্ব কৰাৰ দাবী তুলিছে।
ইফালে জিলাখনৰ বিভিন্ন প্ৰান্তত অতি কমেই অৰ্ধ শতাধিক অবৈধ কাঠফলা মিল এটা চক্ৰই নিৰ্ভয়ে চলাই থকাৰ ফলত জিলাখনৰ বন সম্পদ ধংস হৈ যাবলৈ ধৰিছে। বিশেষকৈ কালাপানী আৰক্ষী চকী আৰু মানকাচৰ আৰক্ষী থানা এলেকাৰ অধীনত থকা অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত চলি আছে অবৈধ কাঠফলা মিল। দল-সংগঠন তথা ৰাইজে এনে অবৈধ মিল বন্ধ কৰাৰ দাবী তুলিলে দুই-চাৰি দিনৰ বাবে বন্ধ ৰাখি পুনৰবাৰ গোপনে চলাই থকা পৰিলক্ষিত হৈছে। জিলাখনৰ পূৰ্বাঞ্চলত কেবল এইদৰে অবৈধ কাঠফলা মিল কাৰো পৰোৱা নকৰি চলাই থকাৰ লগতে কালাপানীৰ কালো নদীতো এটা চক্ৰই মেচিন বহাই অবৈধ ভাবে বালি খনন কৰাত কালো নদীতো গৰাখহনীয়া আৰম্ভ হৈছে। বন সম্পদ ধংস কৰা এনে লোকৰ বিৰুদ্ধে কিয় বন বিভাগে কোনো পদক্ষেপ গ্ৰহন নকৰে সেয়া এতিকৈ ৰহস্য জনক। ইয়াকে লৈ আছুৰ দাবী, অতি শীঘ্ৰে এনে অবৈধ বন ধংসকাৰী কাম বন্ধ নকৰিলে আছুয়ে জিলাখনত গণতান্ত্ৰিক ভাবে আন্দোলন গঢ়ি তুলিব।
লগতে পঢ়ক-লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত থকা শিক্ষানুষ্ঠানত কোৰোনা
মন কৰিবলগীয়া বিষয় এয়া যে জিলাখনত এনে বন ধংসকাৰীৰ বিৰুদ্ধে কোনো লোক বন বিভাগক অভিযোগ দিলে বন বিভাগৰ কৰ্মচাৰী সকলে বন ধংসকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ বিপৰীতে তেওঁলোকক খবৰ দি মেচিন, যন্ত্ৰপাতি সমূহ খুলি লবলৈহে ফোনযোগে অৱগত কৰাত দুই-চাৰি দিনৰ বাবে এনে অবৈধ কাৰবাৰ বন্ধ হয় বুলি অভিযোগ উত্থাপন হৈ আহিছে।