মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ পূৱ গাওঁ পঞ্চায়তৰ শান্তিপূৰ গাওঁৰ কাষতে লাগি থকা কালো নদীৰ পাৰত দীৰ্ঘদিন ধৰি মাটি খনন কাৰ্য চলাই আছে একাংশ ভু মাফিয়াই।

ফলত স্থানীয় ৰাইজৰ ঘৰ, কৃষি ভূমি নদীৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে।

মনকৰিবলগীয়া কথা যে মানকাচৰৰ বন বিভাগৰ বীট অফিচৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত প্ৰতিদিনে একাংশ ভু মাফিয়াই মেচিনৰে মাটি খনন কৰি বিভিন্ন ঠাই লৈ বিক্ৰী কৰা পৰিলক্ষিত হৈছে।

আৰু পঢ়কঃ কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ মাৰাত্মক মৰফিন

জানিব পৰা মতে মোটা অংকৰ ধনৰ বিনিময়ত বন বিষয়া তথা আৰক্ষীয়ে নদীৰ মাটি খনন কৰিব দিয়া হৈছে বুলি সচেতন মহলত অভিযোগ উত্থাপিত হৈছে।

এতিয়া প্ৰশ্ন হয় সংশ্লিষ্ট বিভাগে এনেকুৱা ভু মাফিয়া তথা দুৰ্নীতিগ্ৰস্থ চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কিবা কাৰ্য্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নে ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply