হত্যাকাৰী স্বামী

মানকাচৰ: বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছতো এতিয়াও ৰাজ্যৰ একাংশ অঞ্চলত বাল্য বিবাহৰ ঘটনা চলি আহিছে। বাল্য বিবাহৰ বাবে এইবাৰ স্বামীৰ হাতত প্ৰাণ হেৰুৱালে প্ৰেমিকা পত্নীয়ে। মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী পিপুলবাৰীত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ জালত পৰি ৰঙা ঘৰৰ আলহী হোৱা হত্যাকাৰী স্বামীয়ে কেমেৰাৰ আগত হত্যাৰ বিস্ফোৰক স্বীকাৰোক্তি দিয়া ঘটনাই মানকাচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে প্ৰায় দুবছৰ পূৰ্বে মানকাচৰৰ পিপুলবাৰী গাঁৱৰ জয়নাল আবেদিনৰ নাবালিকা জীয়েক জয়না ভানুক গাঁও খনৰে লাল মিয়াৰ পুত্ৰ মনিৰুল ইছলামৰ সৈতে বিবাহ দিয়া হয়। প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে দুয়োৰে মাজত বিবাহ হয় যদিও স্বামীয়ে মাজে মাজে নাবালিকা পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক ভাৱে অত্যাচাৰ চলাই আহিছিল। ফলত মহিলা গৰাকীৰ পিতৃ পৰিয়ালে তাইক স্বামী গৃহত যোৱাত বাধা দি আহিছিল । বিগত প্ৰায় ডেৰ বছৰ ধৰি মহিলা গৰাকী পিতৃ গৃহতে আশ্ৰয় লৈ আছিল।

এই ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে সন্ধিয়া স্বামী মনিৰুল ইছলাম পত্নীৰ পিতৃ গৃহত উপস্থিত হয়। নাবালিকা পত্নীক ঘৰলৈ লৈ যোৱাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। ফলত স্বামীয়ে নাবালিকা পত্নীৰ ডিঙিত গামোচা মেৰিয়াই হত্যা কৰে।

নিশা প্ৰায় ৮ বজাত এইদৰে পত্নীক হত্যা কৰি পথাৰত পেলাই পলায়নৰ চেষ্টা কৰা হত্যাকাৰী স্বামীক স্থানীয় ৰাইজে আটক কৰি গতাই দিয়ে কালাপানী আৰক্ষীক।

ইফালে এই ঘটনাৰ পাছত কালাপানী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰিছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী স্বামীক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰাত তেওঁক জেললৈ প্ৰেৰণ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,387 other subscribers

Leave a comment

Leave a Reply Cancel reply