মানকাচৰঃ মানকাচৰৰ মইশালডাংগাত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ।
হাঁহৰ পোৱালিক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাত।
দুয়ো পক্ষৰ বাক-বিতণ্ডাই অৱশেষত মাৰপিটৰ ঘটনালৈ পৰিণত হয়।
আৰু পঢ়কঃনগাঁৱৰ ৰাঙলু গড়াবাৰীত নলাত পৰি শিশুৰ কৰুণ মৃত্যু
মাৰপিটৰ ফলত দুয়ো পক্ষৰ ২১ জন লোক আঘাতপ্ৰাপ্ত হয় ।
ইয়াৰ মাজতে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আঘাতপ্ৰাপ্ত কেইজনক মানকাচৰৰ গজাৰীকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। কেইবাজনৰো অৱস্থা সংকটজনক আছে বুলি জানিব পৰা গৈছে।