মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমালা মাজাৰ শ্বৰীফত আজি এটা ইছলামিক লাইব্ৰেৰী মুকলি কৰা হয়। উল্লেখ্য যে, মিৰজুমালা জামে মছজিদ তথা ঈদগাহ মৈদানৰ ইমাম মৌলানা জহিৰুল ইছলাম চাহাবে এই ইছলামিক লাইব্ৰেৰীটোৰ ফিতা কাটি শুভ উদ্ধোধন কৰে। উদ্ধোধনী অনুষ্ঠানত অসম সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম উপস্থিত থকাৰ লগতে মানকাচৰ এ এ লতিফ গাৰ্লছ ইনষ্টিটিউটৰ প্ৰাক্তন অধ্যক্ষ আশ্রফ আলী চাহাব উপস্থিত থাকে।
লগতে পঢ়কঃলখিমপুৰতত উদযাপন পবিত্ৰ ঈদ
মিৰজুমালাৰ এই ইছলামিক লাইব্ৰেৰীটোত ইছলাম ধৰ্মৰ সকলো প্ৰকাৰৰ হাদিছৰ কিতাপ উপলব্ধ থাকিব। যিকোনো ব্যক্তিৰ ইছলামিক ইতিহাসৰ বিষয়ে অধ্যয়ন কৰাৰ ইচ্ছা থাকিলে মানকাচৰৰ মিৰজুমালা মাজাৰ শ্বৰীফৰ ইছলামিক লাইব্ৰেৰীত আহি অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব। অধ্যয়নৰ বাবে লাইব্ৰেৰীটোত বহাৰ ব্যৱস্থাও কৰা হৈছে বুলি মিৰজুমালা মাজাৰ শ্বৰীফৰ সভাপতি হাম্মাদ হুছেইনে জানিবলৈ দিয়ে।