মানকাচৰ: একাংশ ঠিকাদাৰৰ চৰম মইমতালি আৰু দুৰ্নীতিৰ ফলত পৰ্যটন বিভাগটো ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। আচঁনিত উল্লেখ থকা ধৰণে কাম নকৰি নিম্ন মানৰ কাম তথা সামান্য পৰিমাণৰ কাম কৰি ধন আত্মসাত কৰাৰ চেষ্টা। তেনে এক ঘটনা সংঘটিত হৈছে মানকাচৰৰ কামাখ্যা মন্দিৰত।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ পৰা এক কিলোমিটাৰ নিলগৰ ঐতিহাসিক ধৰ্মীয় প্ৰতিষ্ঠান মা কামাখ্যা মন্দিৰত দুৰ দুৰনীৰ পৰ্যটক মন্দিৰ দৰ্শনৰ বাবে আহে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ পৰ্যটন বিভাগে কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে অহা ভক্ত সকল থকাৰ কাৰণে ২০১৮ ২০১৯ বিত্তীয় বৰ্ষত এটা দুই মহলীয়া গৃহ নিৰ্মাণৰ বাবে প্ৰায় ৫০ লাখ টকাৰে আবন্টন দিছিল।
কিন্তু ৰূপম ব্ৰহ্ম আৰু কিশোৰ ডেকা নামৰ ঠিকাদাৰদ্বয়ে পবিত্ৰ কামাখ্যা মন্দিৰৰ দৰ্শনাৰ্থীৰ আবাস গৃহটোৰ নিৰ্মান আধাৰুৱা কৰি থৈ আজি তিনি বছৰ ধৰি পলাই আছে।
যাৰ ফলত মন্দিৰ দৰ্শনাৰ্থী সকলে আজি তিনি বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে। এই ক্ষেত্ৰত অঞ্চল বাকী ৰাইজ, কামাখ্যা মন্দিৰৰ পুজাৰীয়ে সংশ্লিষ্ট বিভাগ তথা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে়।
লগতে পঢ়ক অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন স্বাস্থ্য কেন্দ্ৰৰ দৃশ্যই