মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ এ এ লতিফ গাৰ্লছ ইনষ্টিটিউচনত শনিবাৰে মানকাচৰ থানাৰ অন্তৰ্গত গাওঁৰক্ষী বাহিনীৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

দেশৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ আৰু ড্ৰাগছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা সভাখনৰ সভাপতিত্ব কৰে আব্দুল হাকিমে ৷

সভাখনত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গাওঁ ৰক্ষী বাহিনীৰ উপদেষ্টা ছৈয়ব আলীৰ লগতে প্ৰায় শতাধিক গাওঁ ৰক্ষী বাহিনীৰ সম্পাদক সকল উপস্থিত থাকে।

আৰু পঢ়কঃমেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল দিবলৈ গঠন কৰিলে দুখন কমিটি

সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলাখনৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল৷

ড্ৰাগছৰ বিৰুদ্ধে সকলো ৰাইজৰ লগতে গাওঁৰক্ষী বাহিনীক কঠোৰ হ’বলৈ আৰু প্ৰতিজন ১৮ বছৰৰ ঊৰ্ধৰ ব্যক্তিক ক’ভিড ভেকচিন ল’বলৈ আহ্বান জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply