মানকাচৰত পকী দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

মানকাচৰ: মানকাচৰৰ তেলিপাৰাৰ নিৰ্মীয়মান পকী দলং খন নিৰ্মাৰ্ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ । ৰাজ্যৰ অন্যতম পিছপৰা জিলা মানকাচৰৰ প্ৰতিটো কামতেই যেন এতিয়া দুৰ্নীতি আৰু অনিয়ম ।

ৰাইজে বহুবাৰ এইক্ষেত্ৰত আবেদন নিবেদন কৰিও সুফল নাপালে | যোগাযোগ ব্যবস্থাও জিলা খনত তথৈবছ, এনে সময়ত নিৰ্মাণ কৰা পকী দলং খনতো চলা দুৰ্নীতিক লৈ
বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰিলে স্থানীয় যুৱ সমাজে ।

আজিৰ পৰা প্ৰায় ১ বছৰ আগতে পুৰান দিয়াৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলিপাৰাত পকী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ।
স্থানীয় ৰাইজৰ অভিযোগ মতে অতি নিম্নমানৰ সামগ্ৰীৰে কাম কৰি আছে ঠিকাদাৰে ।
ঠিকাদাৰৰ এনে মইমতালিৰ বিৰুদ্ধে থিয় দিছে পুৰান দিয়াৰাৰ যুৱ প্ৰজন্মই ।

চৰকাৰৰ প্ৰতি আহ্বান যুৱ সমাজৰ । উন্নত মানদণ্ডৰ সামগ্ৰীৰে সম্পূৰ্ণ কৰিব লাগে পকী দলং খন। স্থানীয় বিধায়ক গৰাকীয়েও এই ক্ষেত্ৰত চকু দিবলৈও দাবী জনাইছে |

লগতে পঢ়ক আজি পবিত্ৰ দিন “বুদ্ধ পূৰ্ণিমা”!চলাপথাৰ বৌদ্ধ বিহাৰত ২৫৬৫ সংখ্যক ‘বুদ্ধ পূৰ্ণিমা’ পালন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply