মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সন্থা”LEO CLUB”ৰ প্রশংসনীয় পদক্ষেপ।
মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অধীনত ক’ভিড আক্ৰান্ত হৈ হোম কোৱাৰেণ্ট হৈ থকা ক’ভিড আক্ৰান্তক ঘৰে ঘৰে খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে LEO CLUb নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সন্থাটোৱে ৷
প্ৰতিদিনে আক্ৰান্ত হোৱা ক’ভিড আক্ৰান্তৰ সংখ্যা জিলা প্ৰশাসনৰ পৰা সংগ্ৰহ কৰাৰ পিছত উক্ত এলেকাৰ গাওঁ বুঢ়াক লগত লৈ প্ৰতিদিনে খাদ্য সামগ্ৰী যোগান ধৰি আছে বেচৰকাৰী স্বেচ্ছাসেৱী সন্থাটোৱে ৷ আৰু পঢ়কঃ হোজাইত চিকিৎসক-নাৰ্ছক আক্ৰমণৰ ঘটনাৰ লগত জড়িত ২৪জনক গ্ৰেপ্তাৰ
মানকাচৰ এলেকাত ক’ভিড আক্ৰান্তহৈ হোম কোৱাৰেণ্টহৈ থকা ব্যক্তিয়ে যাতে খাদ্যৰ সংকটত নপৰে সেই মহান উদ্দেশ্যত সন্থাটোৰ সদস্য সকলে চাউল, চিৰা, আমুল, ডাইল আদি খাদ্য সামগ্ৰী ক’ভিড আক্ৰান্তৰ ঘৰে ঘৰে যোগান ধৰিছে ৷
হোম কোৱাৰেণ্ট হৈ থকা ১৪ দিন যাতে ক’ভিড আক্ৰান্তই কোনো ধৰণৰ খাদ্য সংকটত নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিছে সন্থাটো ৷
পৰৱৰ্তী সময়ত ল’ক ডাউনৰ বাবে কৰ্মহীন হৈ পৰা পৰিয়ালক সহায় কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে সন্থাটোৱে ৷
সন্থাটোৰ বিষয়াববীয়াই লোৱা এনে যোগাত্মক পদক্ষেপৰ বাবে ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ।