আৰ্থিক অনুদান বিচাৰি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

মানকাচৰ: ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত চলি থকা লক ডাউনৰ ফলত অনান্যসকলৰ লগতে পানীত হাঁহ নচৰা অৱস্থা হৈছে ব্যক্তিগত খণ্ডৰ শিক্ষক – শিক্ষয়িত্ৰী সকলৰ ৷
আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ব্যক্তিগত শিক্ষা খণ্ড সন্থাৰ তৰফৰ পৰা ব্যক্তিগত শিক্ষা খণ্ডৰ শিক্ষক – শিক্ষয়িত্ৰী বিলাকৰ শোচনীয় অবস্থাৰ কথা স্মাৰক পত্ৰ যোগে অবগত কৰাৰ লগতে বৰ্তমান সময়ত আৰ্থিক সাহায্য বিচাৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, জিলা খনৰ ব্যক্তিগত খন্ডৰ বিদ্যালয় সমূহৰ শিক্ষক সন্থাৰ হৈ আব্দুল্যা সেখ আৰু সম্পাদক ভুলু সেখৰ স্বাক্ষৰিত পত্ৰ যোগে ক’ভিড সৃষ্ট পৰিস্থিতিত ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিগত শিক্ষা খণ্ডৰ শিক্ষক – শিক্ষয়িত্ৰী বিলাকক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ব্যক্তিগত শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ কেইবাটাও সমস্যাৰ সমাধান বিচাৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি মহিলা কৰ্মচাৰীক বৰ্খাস্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply