মানকাচাৰঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰত নাবালিকা ধৰ্ষণ কাণ্ডৰ গোচৰৰ তিনি মাহ উকলি যোৱাৰ পাছতো ৰহস্যজনক বাবে অভিযুক্ত ছাত্ৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই খাৰুৱাবান্ধা আৰক্ষীয়ে।
ভুক্তভুগী নাবালিকা কিশোৰী গৰাকীৰ লগতে তেওঁৰ পৰিয়ালে কৰা অভিযোগ মতে, যোৱা ৩ ডিচেম্বৰ ২০২১ তাৰিখে দিনৰ ভাগতে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা কিশোৰী গৰাকীক দ্বীপচৰ গাঁৱৰে জলেমান শ্বেখ নামৰ ছাত্ৰ গৰাকীয়ে বলপূৰ্বক ভাবে ধৰ্ষণ কৰে।
হাতত ছুৰী লৈ কিশোৰী গৰাকীক চিঞৰ বাখৰ নকৰিবলৈ ভাবুকি দি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিশোৰী গৰাকীৰ ভাতৃ বোৱাৰী সেই সময়ত উপস্থিত হয় তেওঁকো ছুৰী দেখুৱাই ভাবুকি দিয়ে।
লগতে পঢ়কঃকামৰূপ জিলাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰতিনিধি দল
যোৱা ১১ ডিচেম্বৰ তাৰিখে খাৰুৱাবান্ধা আৰক্ষী চকীত ভুক্তভুগী কিশোৰী গৰাকীৰ মাতৃয়ে এজাহাৰ দাখিল কৰে। খাৰুৱাবান্ধা আৰক্ষীয়ে ৪৪৯-২১ নম্বৰত গোচৰটো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। কিন্তু ৰহস্যজনক ভাবে গোচৰ পঞ্জীয়ন হোৱাৰ আজি তিনি মাহ উকলি যোৱাৰ পাছতো খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযুক্ত ছাত্ৰ জনক কৰায়ত্ব কৰিব পৰা নাই। এই ক্ষেত্ৰত খাৰৱাবান্ধা আৰক্ষীৰ বিৰুদ্ধে ভুক্তভুগীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।