মানকাচাৰঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহী মূল্যায়নৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ প্ৰেক্ষাগৃহত বুধবাৰে ১০০ গৰাকী বহী মূল্যায়কক বিশেষভাবে প্ৰশিক্ষণ দিয়া হয়।

উল্লেখযোগ্য যে, অহা ২ জুনৰ পৰা ৪ জুনলৈ মুঠ ৯খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। ৰাজ্যৰ আন ৮খন জিলাৰ লগতে ধুবুৰী জিলাতো তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। ধুবুৰী জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা অতিৰিক্ত ভাবে মুঠ ১০০ গৰাকী বহী মূল্যায়কক প্ৰেৰণৰ বাবে ধুবুৰী জিলা প্ৰশাসনে আহ্বান জনাইছে। যাৰ ফলত হাটশিঙিমাৰী জিলা প্ৰশাসনে জিলাখনৰ ১০০ গৰাকী মহাবিদ্যালয়ৰ অধ্যাপক, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়া শিক্ষকক বহী মূল্যায়ক হিচাপে বাছনি কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়ে। মুঠ ৫ গৰাকী মুখ্য প্ৰশিক্ষকে এই বহী মূল্যায়ক সকলক প্ৰশিক্ষণ দিয়ে। ইতিমধ্যে বহী মূল্যায়ক কেইজনক ধুবুৰীলৈ প্ৰেৰণৰ বাবে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে।

২৩ মে’ পৰা দক্ষিণ শালমাৰা মানকাচৰ জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বান আৰু দুৰ্যোগৰ ফলত জিলাখনত নিৰ্দিষ্ট কালৰ বাবে গুণোৎসৱ স্থগিত ৰখা হৈছে। অৱশ্যে চৰকাৰে পৰৱৰ্তী দিন ঘোষণা কৰিলে জিলাখনত গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ জিলাপ্ৰশাসন সাজু বুলি জিলা আঁচনি বিষয়া ৰাফিউল আলম আহমেদ জানিবলৈ দিয়ে।

লগতে পঢ়কঃকোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ; দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply