নিউজ ডেস্কঃ মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী শান্তিপূৰত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণ। এটা ঘৰৰ তিনিটা কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এই বিস্ফোৰণৰ পাছত সংঘটিত অগ্নিকাণ্ডত।
দৰাচলতে, আজি দিনৰ প্ৰায় ২ বজাত মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী শান্তিপূৰ গাঁৱত চিলিণ্ডাৰ বিস্ফোৰণ হৈ এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত এটা ঘৰৰ তিনিটা কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আৰু লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হৈছে।
সমীৰ মুল্লাহা নামৰ ব্যৱসায়ী জনৰ ঘৰত আজি দিনৰ প্ৰায় ২ বজাত এটা চিলিণ্ডাৰ বিস্ফোৰণ হয়। ফলত ঘৰ খনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। এই ঘটনাৰ ফলত ঘৰখনৰ তিনিটা কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা সকলো সামগ্ৰী, আচবাব জুইত জাহ যায়। অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।