মঙলদৈঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক আন্তঃমঙলদৈ ছাত্ৰ সন্থা আৰু মঙলদৈ সাংস্কৃতিক বিহুৱা দলৰ উদ্যোগত মঙলদৈ শ্বহীদ ভৱনত বিহু কৰ্মশালাৰ শুভাৰম্ভণি। ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ সাত দিনীয়াকৈ স্বৰ্গীয় সঞ্জীৱ ডেকা (অপুল)ৰ সোঁৱৰণত এই বিহু কৰ্মশালাৰ লগতে বিহু ঢোল, বিহু নাচ আৰু বিহু নামৰ এই কৰ্মশালাৰ আজি শুভাৰম্ভণি কৰা হয়।

প্ৰয়াত সঞ্জীৱ ডেকা (অপুল)ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰি এই বিহু কৰ্মশালা উদ্বোধন কৰে বিহু সম্ৰাগ্ৰী ৰূপশীখা শালৈয়ে। বিহু কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ চহৰীয়া , সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, ৰাষ্ট্ৰীয় বিহুৱা বঁটা প্ৰাপক দ্বীপজ্যোতি নাথৰ লগতে বিহু প্ৰশিক্ষকৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল।

অনুষ্ঠানখনি পৰিচালনা কৰে মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি ডেকাই। সাত দিনীয়া বিহু কৰ্মশালাত সকলো ৰাইজৰ সহায়-সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া আৰু সাধাৰণ সম্পাদক চাহিল চৌধুৰীয়ে। বিহু কৰ্মশালাত প্ৰায় ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply