প্ৰবীণ বৰুৱা, মঙলদৈঃ প্ৰলয়ংকাৰী বানপানীয়ে ৰাজ্যৰ আন প্ৰান্তৰ লগতে দৰং জিলাতো ঘৰ-দুৱাৰ ভাঙি গৃহহাৰা কৰিছে লোকসকলক৷ তেনে সময়তে চৰকাৰে দিয়া সাহাৰ্যৰ পৰা বঞ্চিত হ’ল মঙলদৈৰ বন্যাৰ্তৰ। পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত চাউলখোৱা পঞ্চায়ত ১০ নং ৱাৰ্ডৰ ২নং ধৰিয়াখাইটি ৰাইজ বঞ্চিত এই সাহাৰ্যৰ পৰা৷
ধৰিয়াখাইটিৰ প্ৰায় শতাধিক পৰিয়াল একঁকাল পানীত যোৱা ১০-১৫ দিন ককবকাই থকাৰ পাছতো আজিলৈ নাপালে চৰকাৰৰ এমুঠি চাউল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সময়ত হাত খুলি ৰিলিফ দিবলৈ দৰঙৰ উপায়ুক্তক তীব্ৰ ভাষাৰে নিৰ্দেশ দিছিল, তেনে সময়তে চাউল খোৱা পঞ্চায়তৰ ধৰিয়াখাইটিৰ বানপীড়িতৰ চৰকাৰী প্ৰতিনিধি আনকি পঞ্চায়ত পৰ্যায়ৰ কোনো প্ৰতিনিধিয়েও এবাৰ খবৰ নল’লে।
এমুঠি চাউলো তেওঁলোকক নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাইজৰ এই অভিযোগ পঞ্চায়ত খনৰ সভানেত্ৰীৰ স্বামী ঠিকাদাৰ ৰূপী শিক্ষক চাহানুদ্দিনৰ বিৰুদ্ধে৷ ঠিকাদাৰ ৰূপী শিক্ষক চাহানুদ্দিনে দেৱানী গিৰি কৰি ধৰিয়াখাইটিৰ ৰাইজক শোষণ কৰি আছে।
পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ স্বামীয়ে আত্মসাৎ কৰিলে চৰকাৰী সাহাৰ্যৰ চাউল। এতিয়া চাউলখোৱা পঞ্চায়ত ১০ নং ৱাৰ্ডৰ ২নং ধৰিয়াখাইটি ৰাইজে দৰং জিলা উপায়ুক্তৰ জৰিয়তে বিষয়টি তদন্ত কৰি চাহানুদ্দিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে৷