গুৱাহাটী : আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে।
শনিবাৰে সন্ধিয়াৰ ভাগত মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া থানাতে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ পৰাত আৰক্ষী বিষয়া গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়।
লগতে পঢ়ক : বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA) ৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চিকিৎসাৰ অপ্ৰাণ চেষ্টাৰ পিছতো আৰক্ষী বিষয়া গৰাকীৰ মৃত্যু হয়। সুদক্ষ আৰু সকলোৰে লগত মিলি ভাল পোৱা আৰক্ষী বিষয়া গৰাকীৰ আকস্মিক মৃত্যু মঙলদৈ চহৰত শোকৰ ছাঁ পেলাইছে।