প্ৰবীণ বৰুৱা, মঙলদৈ: শনিবাৰে মঙলদৈৰ শাকতোলা নদীৰ মথাউৰি ছিঙি যোৱা স্থানত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাতিপুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ননৈ নদীয়ে বিভীষিকা সৃষ্টি কৰা দিপীলা খটৰা অঞ্চল পৰিভ্ৰমণ কৰে।

পাথৰিঘাট ডাক বঙলাত বিভাগীয় কৰ্তৃপক্ষই লগত এক চমু আলোচনাৰ অন্তত খটৰা সত্ৰৰ সন্মুখত গৈ বানত ক্ষয়-ক্ষতি হোৱা লোকৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুপৰীয়া মুখ্যমন্ত্ৰী শৰ্মাই মঙলদৈৰ শাকতোলা নদীৰ মথাউৰি ছিঙি যোৱা স্থান পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে, এই অঞ্চলতে বছৰৰ প্ৰথমটো বানতে মথাউৰি ভাঙি প্ৰলয়ৰ সৃষ্টি কৰিছিল। বিভাগীয় কৰ্তৃপক্ষই মথাউৰিটো মেৰামতি কৰিছিল যদিও, বছৰৰ দ্বিতীয়টো বানত পুনৰাই একে স্থানতে মথাউৰি ভাঙি বৃহৎ এটা অঞ্চল প্লাবিত কৰে।

YouTube video

মুখ্যমন্ত্ৰীয়ে মথাউৰি ছিঙি যোৱা অংশত উপস্থিত হৈ ৰাইজৰ অভাৱ অভিযোগ গুৰুত্ব সহকাৰে শুনি ছিঙি যোৱা অংশটি ৰিং বান্ধেৰে নিৰ্মাণ কৰাৰ লগতে জনাৰাম চৌকা সংযোগী ৰাষ্টাৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথলৈ এই মথাউৰি খিনি ৰাষ্টা হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ’ব বুলি কয়। লগতে বানপানীৰ কৱলত থকা লোক সকলৰ মাজত খোৱাপানীকে ধৰি অত্যবশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply