মঙলদৈ ঃ দৰং জিলাত টাটা ট্ৰাষ্ট আৰু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত কৰ্কট ৰোগৰ চিকিৎসালয়খন মুকলি কৰিবৰ বাবে সাজু হোৱা খবৰে সমগ্ৰ জিলাখনৰ জনসাধাৰণক উৎসাহিত কৰিছে। দীৰ্ঘ দিন ধৰি ছাত্ৰসন্থা তথা জিলাবাসীয়ে এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ দাবী জনাই আহিছিল। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি চিকিৎসালয়খন শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰে।

চিকিৎসালয় খনত নিযুক্তি দিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত জিলাখনৰ স্থানীয় যোগ্যতা সম্পন্ন প্ৰাৰ্থীক অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিয়াৰ দাবী জনাইছে সদৌ দৰং জিলা ছাত্ৰ সন্থাই।

লগতে পঢ়কঃস্থানীয় সমস্যাৰ ওপৰত কাৰ্টুন চিত্ৰ অংকন কৰি জনপ্ৰিয় হৈ পৰিছে নাজিৰাৰ এজন যুৱক

মঙ্গলবাৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া আৰু সাধাৰণ সম্পাদক সত্য ৰঞ্জন ডেকাই সংবাদ মাধ্যমলৈ এই সন্দৰ্ভত এক বিবৃতি প্ৰেৰণ কৰে। ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে, ”জিলাখনৰ শিক্ষিত তথা যোগ্যতা থকা নিবনুৱাক বঞ্চিত কৰি আন প্ৰাৰ্থীক নিযুক্তি দিয়াটো মানি ল’ব নোৱাৰি। সেয়ে আমি চৰকাৰক দাবী জনাইছোঁ যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত জিলাখনৰ প্ৰাৰ্থী সকলক যোগ্যতাৰ ভিত্তিত নিযুক্তি দিব লাগে।লগতে তাত হ’বলগীয়া কেণ্টিনখন দৰঙৰ স্থায়ী বাসিন্দাৰ ভিতৰত পৰিচালনা কৰাৰ সুবিধা দিব লাগে।”

ছাত্ৰ সন্থাৰ স্থানীয় যোগ্যতা সম্পন্ন প্ৰাৰ্থীক অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিবলৈ জনোৱা দাবী বিভাগীয় কৰ্তৃপক্ষই কিমান গুৰুত্ব দিয়ে সেয়া সময়ত পৰিলক্ষিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply