প্ৰবীণ বৰুৱা, মঙলদৈঃ মৃত্যুদূতলৈ এক প্ৰকাৰে পৰিণত হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰায়ে এই ঘাইপথটোত সংঘটিত হৈছে দুৰ্ঘটনা। শনিবাৰে নিশাও মঙলদৈত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় এই পথটোত।
ৰামজানকী মন্দিৰৰ সমীপত তেজপুৰ দিশৰ পৰা আহি থকা অডি ০১ কে ১৮৭২ নম্বৰৰ এখন ট্ৰাকে মহতিয়ালে নিয়ে এগৰাকী পথচাৰীক। এই দুৰ্ঘটনাত থিতাতে নিহত হয় পথচাৰী গৰাকীক।
বৰ্তমানলৈ নিহত লোকজন কোন চিনাক্ত হোৱা নাই। ইফালে, একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰি মঙলদৈ আৰক্ষীক গতাই দিয়ে।