মঙলদৈঃ মঙলদৈত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলদৈ চহৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত মঙলবাৰে দুপৰীয়া এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক।

এ এছ ০১ এ চি ৭৩৭৪ নম্বৰৰ ট্ৰাক খন গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ অৱস্থাত মঙলদৈ চহৰৰ গাৰ্ল্ছ পইন্টত এ এছ ১৩ জে ৮৯৭৪ নম্বৰৰ বাইকখনৰ আৰোহীক মহতিয়াই লৈ যায়।

জানিব পৰা মতে মঙলদৈ এছআৰডি গ্ৰুপত কৰ্মৰত আছিল মৃত লোক জন। নিহত লোকজন টিয়াঝাৰৰ অতুল চন্দ নাথ (৩৩) বুলি চিনাক্ত কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply