মঙলদৈঃ মঙলদৈৰ শৈলালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ব্যক্তি। জানিব পৰা মতে, নিহত ব্যক্তিগৰাকী মঙলদৈ শংকৰ নগৰৰ নিবাসী ধৰ্মেশ্বৰ ডেকা (৬৫)। জানিব পৰা মতে, ধৰ্মেশ্বৰ ডেকাই চাইকেল চলাই গৈ থকা সময়তে এখন তীব্র বেগী বলেৰ’ বাহনে পিছফালৰ পৰা খুন্দিয়াই থৈ যায়।
দুৰ্ঘটনাটো সংঘঠিত হোৱাৰ পাছতে ততাতৈয়াকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডেকাক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও, চিকিৎসকে ধৰ্মেশ্বৰ ডেকাক মৃত ঘোষণা কৰে । দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ গাড়ী খন নম্বৰ এ এছ ১৩ এফ ৯২৯৬। ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে বাহনখন নিজৰ কব্জাত লৈছে।