প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈৰ ভেবাৰঘাটৰ লাৱনি চ’কৰ এয়াৰটেল টাৱাৰৰ তলত মঙলবাৰে দুপৰীয়া উদ্ধাৰ মৃতদেহ। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত খবৰ দিয়ে মঙলদৈ আৰক্ষীক।
জানিব পৰা মতে, মৃতদেহটো প্ৰফুল্ল নগৰ (লাৱনী চক)নিবাসী তিলক ডেকাৰ ২৫ বছৰীয়া একমাত্ৰ পুত্ৰ দিব্যজ্যোতি ডেকাৰ। ইতিমধ্যে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে মঙলদৈ আৰক্ষীয়ে।
এগৰাকী স্থানীয় লোকে এই সন্দৰ্ভত কয়- ‘আজি পুৱা ১০ মান বজাত এয়াৰটেল টাৱাৰত কাম কৰিবলৈ অহা ল’ৰা কেইজনমানে মোক মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে। লগে লগে আমি আৰক্ষীক খবৰ দিও। জানিব পৰা মতে, ব্যক্তিজনে আজি পুৱা ঘৰৰ পৰা ওলাই আহিছিল। আৰু আৰক্ষীৰ তদন্তৰ পাছতহে সকলো কথা জানিব পৰা যাব।’