মঙলদৈঃ মঙলদৈৰ ঢৌৱা পাৰা গাঁৱত ৬ জনীয়া যুৱকৰ এটা দলে গাঁৱখনৰ জংঘলত প্ৰৱেশ কৰি চিকাৰ কৰি লৈ যায় বিলুপ্ত হ’বলৈ ধৰা প্ৰাণী। দুস্কৃতিকাৰী দলটোৱে হত্যা কৰে ৯ ডাল গুই সাপ, এটা শিয়ালৰ পোৱালি , নেউল  জহামাল। উক্ত অঞ্চলটোত এই কাৰ্য এয়েই প্ৰথম নহয়। এনেদৰে প্ৰায় দুস্কৃতিকাৰীয়ে আহি হত্যা কৰি লৈ যায় জংঘলত পোৱা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাকাৰী প্ৰাণীবোৰক। এনেদৰে চিকাৰ কৰি থকা দেখি একাংশ গাঁৱবাসীয়ে ধমক দি দুস্কৃতিকাৰী কেইটাক খেদি পঠিয়াই যদিও যোৱাৰ সময়ত দুস্কৃতিকাৰী কৰি কেইটাইও ওলোটাই গাঁওবাসীক ধমকি দি গুচি যায়। 

লগতে পঢ়কঃগোলাঘাট জিলাৰ বাদুলিপাৰত ৰক্তদান শিবিৰ আয়োজন

জানিব পৰা মতে, এই দুস্কৃতিকাৰীসকল আহে কলাইগাঁও, টংলা আদি অঞ্চলৰ পৰা। এইদৰেই সিহঁতে ভিতৰুৱা অঞ্চলবোৰলৈ আহি হত্যা কৰে এই নিৰীহ প্ৰাণী বোৰক। এই ক্ষেত্ৰত  প্ৰশাসনক চকু দিবলৈ অঞ্চলবাসীয়ে আহ্বান জনায়।

বিলুপ্ত হ’বলৈ ধৰা এই জীৱ-জন্তুবোৰ হত্যা কৰি থাকিলে প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাব ফলত পৰিৱেশ বিনষ্ট হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply