মঙলদৈঃ দৰং জিলা আৰ্চাৰী সন্থাৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ১৭ তম আন্তঃজিলা ছিনিয়ৰ পুৰুষ-মহিলা আৰ্চাৰী প্ৰতিযোগিতা। মঙলদৈ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাখনৰ আৰম্ভণিতে অসম আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি দনেশ্বৰ গয়াৰী, আৰু জিলা আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰে জিলা আৰ্চাৰী সন্থাৰ সম্পাদক প্ৰতাপ বৰদলৈয়ে৷

প্ৰতিযোগিতাৰ প্ৰথম দিনতোত উপস্থিত থাকে ৰাজ্যিক আৰ্চাৰী সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জয়ন্ত বড়ো, উপ-সভাপতি এল পি সিং, কোষাধ্যক্ষ সঞ্জীৱ দাস, ৰাজ্যিক যুতিয়া সম্পাদক চন্দন ভট্টাচাৰ্যকে ধৰি ৰাজ্যিক প্ৰতিনিধি সকল। ইতিমধ্যে আৰ্চাৰী প্ৰতিযোগিতাত অসমৰ ২৬ খন জিলাৰ ২৫০ জনত কৈও অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply