মঙলদৈঃ যোৱা ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সদৌ অসম আন্তঃজিলা ছিনিয়ৰ (পুৰুষ-মহিলা) আৰ্চাৰী চেম্পিয়নশ্বিপৰ দেওবাৰে সফল সামৰণি পৰে৷ অসমৰ বিভিন্ন জিলাৰ ২৬ টা দলৰ ২৫০ গৰাকী আৰ্চাৰে যোগদান কৰা এই চেম্পিয়নশ্বিপত ৮টা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদকেৰে শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে অসম পুলিচ আৰ্চাৰী দলে৷

ইফালে, মঙলদৈত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত ভেৰগাওঁ দলে তিনিটা সোণ, দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে ৰানাৰ্ছআপ খিতাপ অৰ্জন কৰে৷ চেম্পিয়ন দলক বঁটা প্ৰদান কৰে দৰং আৰ্চাৰী সন্থাৰ সভাপতি তথা দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু অসম আৰ্চাৰী সন্থাৰ উপ সভাপতি তথা বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে৷

আনহাতে, ৰানাৰ্ছ আপ দলক বঁটা প্ৰদান কৰে অসম আৰ্চাৰী সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জয়ন্ত বড়োই৷ চেম্পিয়নশ্বিপৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “গাণ্ডীৱ” উন্মোচন কৰে মঙলদৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অনুপম ডেকাই৷ খেলৰ অন্তত দেওবাৰে সন্ধিয়া এক উৎসৱমুখৰ পৰিবেশত বঁটা বিতৰণ আৰু সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছত তিনিদিনীয়া চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply