মঙলদৈঃ মঙলদৈ মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ ২২ খন জিলাৰ দুই শতাধিক আৰ্চাৰ আৰু পৰিচালক, প্ৰশিক্ষকৰ অংশগ্ৰহণেৰে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব ১৭ সংখ্যক আন্তঃজিলা (পুৰুষ-মহিলা) ছিনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপ৷ দৰং জিলা আৰ্চাৰী সন্থাৰ উদ্যোগত আৰু অসম আৰ্চাৰী সন্থাৰ তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া এই চেম্পিয়নশ্বিপৰ মাৰ্চ পাছ কৰিব দৰঙৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই আৰু তেওঁক সহযোগ কৰিব মঙলদৈ মহাবিদ্যালয়ৰ এন চি চিৰ মেজৰ হৰিমন ডেকাই৷

তাৰ পাছত অসম আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰিব ৰাজ্যিক সভাপতি দনেশ্বৰ গয়াৰীয়ে৷ আনহাতে, জিলা আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰিব জিলা আৰ্চাৰী সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মাই৷ পতাকা উত্তোলনৰ পাছতেই ক্ৰমাগতভাৱে তিনিদিন অৰ্থাৎ ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ প্ৰতিযোগিতা চলিব৷

নৱগঠিত দৰং জিলা আৰ্চাৰী সন্থাই দৰঙত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজনৰ ক্ষেত্ৰত পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে৷ ইতিমধ্যে অসমৰ দূৰ-দূৰণিৰ কেইবাখনো জিলাৰ দল আহি মঙলদৈত উপস্থিত হৈছে৷ দলসমূহৰ থকা-খোৱাৰ এক সু-ব্যৱস্থা কৰিছে বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি তথা দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জনায়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply