মঙলদৈঃ মঙলদৈত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন লোকজন হৈছে মঙলদৈৰ ২নং ৱাৰ্ডৰ টমচেৰ আলী।
জানিব পৰা মতে টমচেৰে বহু বছৰৰ পৰাই ড্ৰাগছৰ লগত জড়িত আছিল।
বিশেষ তথ্যৰ ভিত্তিত দেওবাৰে মঙলদৈ আৰক্ষীয়ে অভিযান চলাই আঠটা ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ টমচেৰক নিজ গৃহৰ পৰা আটক কৰে। বৰ্তমান টমচেৰক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।
লগতে পঢ়কঃউচ্ছেদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ