মঙলদৈঃ অসম ৰাজ্যিক পৰিবহণ নিগম অসমৰ পথ পৰিবহন সংযোগৰ জীৱনৰেখা আছিল। অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছে গ্ৰাম্যাঞ্চলৰ লগতে চহৰাঞ্চল আৰু আন্তঃৰাজ্যিক পথ পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াইছিল। বৰ্তমান অসমৰ ৰাজহুৱা খণ্ডৰ এই বৃহৎ নিগমটো মৃত্যুৰ গৰাহত।

এটা সময়ত দূৰ-দূৰণীৰ যাত্ৰীৰে গিজগিজাই আছিল মঙলদৈ পৰিবহন নিগমৰ বাছ আস্থান । কিন্তু এতিয়া যেন এৰাবাৰীত পৰিণত হ’বলৈ গৈ আছে এই পৰিবহণ নিগমৰ আস্থান। অসামাজিক কৰ্মকাণ্ডৰ ক্ষেত্ৰত পৰিণত হ’বলৈ গৈ আছে মঙলদৈ পৰিবহন নিগমৰ বাছ আস্থান। মঙলদৈ পৰিবহন নিগমৰ বাছ আস্থানত চাৰি পাঁচখন ভাঙি চিঙি যোৱা বাছ জাৱৰৰ দৰে পৰি আছে, নাই কোনো মেৰামতি।

মঙলদৈ পৰিবহন নিগমৰ আস্থান অধ্যক্ষ গিৰীশ শইকীয়াই জনোৱা মতে বৰ্তমান দৰং আৰু ওদালগুৰি জিলা মিলি মাত্ৰ ছয় খন পৰিবহন নিগমৰ নিজা বাছহে আছে। কৰ্মচাৰী হিছাপে মঙলদৈ পৰিবহণ নিগমৰ কাৰ্যালয় আৰু ক্ষেত্ৰ মিলাই ১৯জন নিয়মীয়া কৰ্মচাৰীৰ লগতে ৪১গৰাকী অনিয়মীয়া কৰ্মচাৰী আছে যদিও মঙলদৈস্থ ৰাজ্যিৰ পৰিবহনৰ পৰা ৰাজহ আৰ্জন বা যাত্ৰীৰ সেৱা একেবাৰে নাই বুলি ক’ব পাৰি।

ৰাজহ সংগ্ৰহত ব্যস্ত থকা চৰকাৰখনক মঙলদৈৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ সেৱা উন্নত কৰি নতুন গাড়ী দি ৰাজহুৱা খণ্ডৰ নিগমটো পুনৰুদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে মঙলদৈ বিভিন্ন দল সংগঠন তথা বিশিষ্ট ব্যক্তি সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply