মঙলদৈঃ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ পৌৰসভাৰ সদস্য সকলে বৃহস্পতি বাৰে বাটৰ নাটৰ যৰিয়তে জনসাধাৰণক সজাগ কৰে।
মঙলদৈ পৌৰসভাৰ এলেকাৰ তিনিটা স্থানত পৌৰ সভাৰ পৌৰপতি,উপপৌৰপতি আৰু খণ্ড আয়ুক্ত বাটৰ নাটৰ জৰিয়তে জনসাধাৰণক আগন্তুক স্বাধীনতা দিৱস উপলক্ষে প্ৰতি ঘৰ আবাসীৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান,চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত ১৩,১৪ আৰু১৫ আগষ্টত তিনিদিনীয়াকৈ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়।
মঙলদৈ পৌৰসভাৰ এগৰাকী সদস্যই কয় যে আজি আমি পৌৰসভাৰ সকলো এলেকাৰ সকলোলোককে সজাগ কৰিবলৈ বাটৰ নাটৰ কাৰ্যসূচী হাতত লৈছো তেওঁলোকে যাতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰে ঘৰে সন্মান সহকাৰে জাতীয় পতাকা উৰুৱাই আমি ৰাইজলৈ আহ্বান জনাইছো ।আপোনাকো জাতীয় পতাকা উৰুৱাই নিজকে এগৰাকী সভ্য নাগৰিক বুলি স্বীকৃতি দিয়ক।