মঙলদৈঃ এজাক ধুমুহাই তচনচ কৰি গ’ল এগৰাকী মহিলাৰ সপোনৰ ঘৰখন। মঙলদৈৰ নিকটবৰ্তী চমুৱাপাৰাৰ বৰঙ্গাবাৰী গাঁৱৰ নিবাসী ভনীতা নাথ। দুদিন পূৰ্বে মঙলদৈত তাণ্ডৱ চলোৱা ধুমুহাই তচনচ কৰি ঠৈ গ’ল ভনীতা নাথৰ সপোনৰ ঘৰটি। ৫ বছৰ পূৰ্বে স্বামী হাৰা হৈছিল ভনীতা।
স্বামীৰ মৃত্যুৰ পিছত দিন হাজিৰা কৰি তিনিটা সন্তানেৰে এটি সৰু জুপুৰিত দিন কটাইছিল পৰিয়ালটিয়ে। ভাবিছিল সন্তান কেইটি ডাঙৰ হ’লে জীৱনত সুখ সমৃদ্ধি আহিব। সেয়াও সপোন সপোন হৈয়ে ৰ’ল ভনীতা নাথৰ। ধুমুহাই সকলো তচনচ কৰি দিশহাৰা কৰিলে ভনীতাৰ পৰিয়ালটিক।
আচৰিত যেন লাগিলেও সত্য যে দৰিদ্ৰতাই কোঙা কৰা এই পৰিয়ালটিয়ে নাপাই চৰকাৰী চাউল, নাই বিধবা পেঞ্চন। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা শৌচালয় লাভ কৰিছিল যদিও ঠিকাদাৰে বনাবই পাহৰিলে টেংকি। তদুপৰি ঘৰখনত নাই খোৱাপানীৰ বাবে এটা দমকল।
এই দৰিদ্ৰ মহিলাগৰাকীয়ে চমুৱাপাৰা পঞ্চায়ত পৰা আজিলৈকে পাবলৈ সক্ষম নহ’ল এটি চৰকাৰী আবাসগৃহ। ওচৰ চুবুৰীয়াই তৎকালীন ভাবে কোনোবাই বাঁহ কোনোবাই টিন পাতেৰে সহায় কৰি এটি জুপুৰি বনাই দিব ধৰিছে যদিও কেতিয়ালৈ পাব ভনীতাই ইন্দিৰা আৱাস গৃহ, বিধবা পেঞ্চন, এটুপি খোৱা পানী সেয়াহে চিন্তনীয় বিষয় হৈ পৰিছে। উপায়হীন হৈ এতিয়া ভনীতা নাথে বিচাৰিছে চৰকাৰ বা প্ৰশাসনৰ পৰা অলপ সকাহ। যাতে পৰিয়ালটিক পোহপাল দিব পাৰে ভনীতাই।