প্ৰবীণ বৰুৱা, মঙলদৈঃ উৰুকালৈ আৰু মাজত এটা দিন। হেঁপাহৰ ভোগালী পদুলিমুখত। গাঁৱে গাঁৱে ভেলাঘৰ মেজি সজোৱাত ব্যস্ত লোক সকল। 

দৰঙৰ জনাৰাম চৌকাৰ ছোটআঠিয়াবাৰীৰ লোক সকলে নিৰ্মাণ কৰিছে এক ব্যতিক্ৰমী ভেলাঘৰ। বিংশ শতিকাৰ আশীৰ দশকৰ পূৰ্বৰ এজন কৃষকৰ ঘৰৰ আৰ্হিত নিৰ্মান কৰা হৈছে এই ভেলাঘৰটি। 

সন্মুখত গৰু গাড়ীৰ চকা। এখন জপনাৰে পাৰ হৈ চোতাল। ভেলা ঘৰটিত আছে সেই সময়ৰ কৃষকৰ ঘৰ, ৰান্ধনী ঘৰ, মন্দিৰ আৰু গোহালি। গোঁহালি ঘৰত দৃশ্যমান হৈ আছে কৃষকৰ সদা ব্যৱহৃত নাঙল জুৱলী।

দৰঙৰ জনাৰাম চৌকাৰ ছোটআঠিয়াবাৰীত নিৰ্মান কৰা এই ভেলা ঘৰটিয়ে বহুতকে কৰি তুলিব নষ্টালজিক। কাৰণ বৰ্তমানৰ সময়ত এনে ধৰণৰ ঘৰ দেখিবলৈ পোৱা নাযায়।

নতুন প্ৰজন্মই চাব পাৰিব অসমৰ কৃষকৰ পুৰণি ঘৰ খন। ভেলাঘৰৰ চোতালত উৰুকাৰ নিশা লাগে ভাগে এসাজ খাব ৰাইজে। চলিব গীত-মাত। এতিয়া ভেলা ঘৰটি সম্পূৰ্ণ কৰাত ব্যস্ত ছোটআঠিয়াবাৰী বাসী। উৎসাহী মহিলা সকলে ভেলাঘৰৰ চোতালত বিহু গায় নাচি উৎসাহিত কৰিছে ডেকা সকলক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply