প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈত ভূমাফিয়াই চলাইছে দপদপনি৷ দেওবাৰে ৰাতিপুৱা ১০ মান বজাত হাবিৰ মাজত ৰঁচীৰে বান্ধি হত্যা কৰাৰ অপচেষ্টা কংগ্ৰেছ নেতা চন্দন বৰুৱাক।
ৰাতিপুৱা সময়ত চন্দন বৰুৱা উপহুপাৰা শ্মশানৰ কাষেৰে নিজৰ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত উপহুপাৰা শ্মশানৰ মাটিত কেইজনমান লোকে নিৰ্মাণ কাৰ্য কৰি থকা দেখি কি কৰিছে জানিব বিচৰাত লোক কেইজনে বৰুৱাক প্ৰহাৰ কৰে।
ইয়াতেই ক্ষান্ত নাথাকি বৰুৱাক ৰাষ্টাৰ পৰা চোঁচৰাই নি মেৰিয়াই মেৰিয়াই ৰঁচীৰে বান্ধি লগত লৈ যোৱা লাঠি-দাৰে আঘাত কৰিব ধৰে। এজন কিশোৰে এই কাৰ্য দেখা পাই ওচৰ চুবুৰীয়াক খবৰ দিয়ে আৰু তাৰ পাছতেই মঙলদৈ আৰক্ষীয়ে বৰুৱাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এতিয়া প্ৰশাসনে এই ঘটনাক লৈ কি পদক্ষেপ গ্ৰহণ কৰিব সেয়ে হ’ব লক্ষণীয়।