মঙলদৈঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক আন্তঃমঙলদৈ ছাত্ৰ সন্থা আৰু মঙলদৈ সাংস্কৃতিক বিহুৱা দলৰ উদ্যোগত মঙলদৈ শ্বহীদ ভৱনত ১ এপ্ৰিল, ২০২২ৰ পৰা ৭ এপ্ৰিল ২০২২ লৈ সাত দিনীয়াকৈ স্বৰ্গীয় সঞ্জীৱ ডেকা (অপুল)ৰ সোঁৱৰণত বিহু কৰ্মশালা ২০২২ৰ আয়োজন কৰা হৈছে।

আজি এই বিহু কৰ্মশালাত বিশেষভাৱে উপস্থিত হয় বিহু সম্ৰাট ৰঞ্জিত গগৈ। আজি বিহু কৰ্মশালাত উপস্থিত থাকি বিহু সম্পৰ্কত বক্তব্য আগবঢ়াই আৰু বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা‌ প্ৰশিক্ষাৰ্থী সকলক বিহু গান আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰে বিহু সম্ৰাট ৰঞ্জিত গগৈয়ে।

এই কৰ্মশালাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, ৰাষ্ট্ৰীয় বিহুৱা বঁটা প্ৰাপক দ্বীপজ্যোতি নাথৰ লগতে বিহু প্ৰশিক্ষকৰ লগতে আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া আৰু সাধাৰণ সম্পাদক চাহিল চৌধুৰীয়ে। এই বিহু কৰ্মশালাত প্ৰায় তিনি শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply