মঙলদৈঃ আন্তঃমঙলদৈ ছাত্ৰ সন্থা আৰু মঙলদৈ সাংস্কৃতিক বিহুৱা দলৰ উদ্যোগত স্বৰ্গীয় সঞ্জীৱ ডেকা (অপুল)ৰ সোঁৱৰণিত বিহু কৰ্মশালা ২০২২ৰ ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিল ২০২২লৈ আয়োজন কৰিছে।
বিহু কৰ্মশালাৰ বিশেষ আকৰ্ষণ বিহু ঢোল, বিহু নাচ আৰু বিহু নাম। এই কৰ্মশালাত অসমৰ জনপ্ৰিয় বিহু সম্ৰাট আৰু বিহু সম্ৰাজ্ঞীৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
জিলা শ্বহীদ ভৱন প্ৰাঙ্গণত বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কৰ্মশালা অনুষ্ঠিত হ’ব বুলি আন্ত: মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চাহিল চৌধুৰী আৰু সাংস্কৃতিক সম্পাদিকা মানমী ৰেহমানে জনায়। উক্ত কৰ্মশালাত সমূহ ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা ছাত্ৰ সন্থাই কামনা কৰিছে।