মঙলদৈঃ শুকুৰবাৰৰ পুৱাৰে পৰা মঙলদৈ চহৰখনত অব্যাহত আছে ঘোঙৰ আতংক। বৰ্তমানলৈ চহৰখনৰ টেঙাবাৰীৰ জ্যোতিনগৰ অঞ্চলত আতঙ্কময় হৈ থকাৰ লগতে এজন বনকৰ্মী সহ মুঠ তিনিজন লোকক ঘোঙটোৱে আক্ৰমণ কৰে।

জিলা প্ৰশাসন তথা বন বিভাগে ঘোঙটো কৰায়ত্ত কৰি পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল যদিও আজি ৰাতিপুৱাৰ ভাগত বন বিভাগৰ বিশেষজ্ঞৰ দলটোৱে অভিযান আধাতে সামৰিছিল। কিন্তু আজি ৩ বজাত আকৌ মঙলদৈ টেঙাবাৰীৰ মুকুট শৰ্মা নামৰ ব্যক্তিগৰাকীৰ ঘৰত ঘোঙটো দেখা পোৱাত সমগ্ৰ অঞ্চলটোত পুনৰ শংকিত হৈ পৰিছে ৰাইজ। ইতিমধ্যে জিলা বন বিভাগ, জিলা প্ৰশাসনে পুনৰ ঘোঙটো পিঞ্জৰাৱদ্ধ কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

ইফালে, এগৰাকী মহিলাই সাংবাদিকৰ আগত এই সন্দৰ্ভত কয়- ‘মই দোকানলৈ যাবলৈ ওলাইতেই ঘৰৰ ওপৰৰ পৰা ঘোঙটো জঁপিয়াই গৈছে। ক’লা ৰঙৰ প্ৰকাণ্ড বাঘটো। ঘোঙটো দেখি মই চিঞৰিছো। তেতিয়া ঘৰৰ পৰা বাইদেউহঁত ওলাই আহিছে। কালিও দেখা বাঘটোৱে হয়।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply