মঙলদৈ, প্ৰবীণ বৰুৱাঃ মঙলদৈত পুনৰ ঘোঙৰ আতংক। পূৰ্বে ঘোং ওলোৱা স্থানৰ পৰা নাতি দূৰৈৰ মঙলদৈ নৈৰ সমীপত প্ৰত্যক্ষ কৰা হৈছে ঘোঙটো। মঙলদৈৰ নৈৰ কাষৰ হাবিত ঘোঙৰ আহ-যাহৰ চিনো দেখা পোৱা গৈছে।
কিছুদিন ধৰি মঙলদৈত এটা ঘোঙে আতঙ্ক সৃষ্টি কৰি অহাৰ পিছতে মঙলদৈৰ কাউৰিঘাটৰ নকুলৰ হাবিত ঘোঙৰ অৱস্থিতি ধৰা পৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী।
প্ৰথমে স্থানীয় ৰাইজে অস্বাভাৱিক খোজ পত্যক্ষ কৰিছিল নদীৰ পাৰত, তাৰ পাছতেই কাউৰিঘাটৰ ওচৰ চুবুৰীয়াই ঘোংটো নদীৰ পাৰত দেখা পায়। ঘোংটোৱে ৰাতিপুৱা সময়ত নদীত পানী খাবলৈ নামি আহি পুনৰ ঘন হাবিৰ মাজলৈ গুচি যায়।
উল্লেখযোগ্য যে, আজি কিছু দিন আগতে মঙলদৈ জ্যোতি নগৰত তিনিদিন ধৰি এই ঘোংটোৱে আতঙ্কৰ সৃষ্টি কৰাৰ লগতে এটি শিশু সহ দুগৰাকী লোকক আক্ৰমণ কৰিছিল।
কিন্তু ঘোংটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগৰ লোক। পুনৰ কাউৰীঘাটৰ নকুলৰ হাবিত ঘোঙৰ উপস্থিতিয়ে ওচৰ চুবুৰীয়াৰ মাজত আতংক সৃষ্টি কৰিছে। প্ৰসাশনলৈ ৰাইজৰ অনুৰোধ- ঘোঙটো অতিশীঘ্ৰে কৰায়ত্ত কৰি ৰাষ্ট্ৰীয় উদ্যানত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক।