প্ৰবীণ বৰুৱা, মঙলদৈ: মহাশিৱৰাত্ৰি পূজাৰ দিনাখনেই ৰক্ত দানৰ বাবে আগবাঢ়ি আহিল মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ দৰং জিলা সমিতি। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় সভাপতি ড০ ইন্দ্ৰেশ কুমাৰ ভাইচাহাৱৰ জন্ম দিন উপলক্ষে শনিবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত কোষত অনুষ্ঠিত কৰে এই ৰক্ত দান শিবিৰ।
ৰক্ত দান শিবিৰটি উদ্ধোধন কৰে জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাই। উদ্ধোধনী ভাষণত শৰ্মাই মহা শিৱৰাত্ৰি পুজাৰ দিনাখনেই ৰক্ত দানৰ দৰে পবিত্ৰ কামত জড়িত হ’ব পাই নিজকে ভাগ্যবান বুলি মত প্ৰকাশ কৰে।
অনুস্থানত ২০-২৫ গৰাকী দাতাই ৰক্ত দান কৰিব বুলি মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ দৰং জিলা সমিতিৰ সভাপতি সম্পাদক তথা বিষয় ববিয়াই আশা প্ৰকাশ কৰে।