মঙলদৈঃ ”ৰক্ত দান মহান দান,এটুপি ৰক্তই এজন ব্যক্তিক জিয়াই তুলিব পাৰে,ৰক্তৰ অভাৱত আমি কাকো মৰিবলৈ নিদিওঁ” শ্লোগানেৰে মঙলদৈ ৰক্তভড়ালত ৰক্ত দান কাৰ্যসূচী।

দৰং জিলা মহিলা সমিতিৰ উদ্যোগত আৰু ইউনিতি উই দ’ ব্লাড ড’নৰৰ সহযোগত পদ্মশ্ৰী চন্দ্ৰ প্ৰভা শইকীয়ানী দেৱীৰ জন্ম আৰু মৃত্যু দিৱস উপলক্ষে এই ৰক্তদান কাৰ্যসূচী।

লগতে পঢ়কঃমৰাণত লোমহৰ্ষক হত্যাকাণ্ড এজন ব্যক্তিৰ কুঠাৰ ঘাপত দুজন যুৱকৰ মৃত্যু

 মঙলদৈ অসামৰিক চিকিৎসালয় ৰক্তভড়ালত বুধবাৰে ১০ বজাৰ পৰা আৰম্ভ হোৱা ৰক্তদান কাৰ্যসূচীত জিলাখনৰ বহু কেইগৰাকী মহিলাই ৰক্ত দান কৰে।

এই কাৰ্যসূচীত জিলা চিকিৎসা বিষয়া নিৰ্মল বেৰিয়া, দৰং জিলা মহিলা সমিতিৰ সভানেত্ৰী  ৰাণী দেৱী সম্পাদিকা মিৰন দেৱীৰ লগতে জিলা মহিলা সমিতিৰ বিষয় ববিয়া আৰু ইউনিটী উই দ’ ব্লাড ডনৰৰ সভাপতি দিপক কুমাৰ ডেকা, সম্পাদক  ৰুমু বড়ো সহ বিষয় ববিয়া কৰ্মকৰ্তা সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply