মঙলদৈঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সহযোগত মঙলদৈত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় বহাগী মেলা।

জিলা খনৰ আত্ম সহায়ক গোট আৰু স্বাৱলম্বী গোট সমূহৰ মহিলা সকলে ঘৰত উৎপাদন কৰা বিভিন্ন সামগ্ৰী সমূহ বহাগ বিহুলৈ কেইদিনমান বাকী থকাৰ সময়তে মঙলদৈ জয়ন্ত হাজৰিকা উদ্যানৰ কাষত বিক্ৰীৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানে মেলা অনুষ্ঠিত কৰে।

দেওবাৰে এই বহাগী মেলা উদ্বোধন কৰে দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মীন উন্নয়ন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস। মেলাত প্ৰায় অৰ্ধ শতাধিক বিপনীত দৰঙীয়া মহিলাৰ হাতে বোৱা গামোচা,পিঠা পনা, ঘৰত ব্যৱহাৰযোগ্য হাতে বনোৱা বিভিন্ন সা-সামগ্ৰীৰে ভৰি পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply