মঙলদৈঃ মঙলদৈৰ আউলাচৌকাত দৰং ওদালগুৰি ব্ৰাহ্মণ সমাজৰ ব্ৰহ্মযজ্ঞানুষ্ঠানৰ শুকুৰবাৰৰ পৰা আৰম্ভ হয়। প্ৰায় দুই শতাধিক ব্ৰাহ্মণে এই ব্ৰহ্মযজ্ঞানুষ্ঠানৰ কৰিব আৰম্ভ। এই যঞ্জৰে দেশৰ পৰা মহামাৰী নাশ হোৱাৰ কামনা ব্ৰাহ্মণ সমাজৰ।
উল্লেখযোগ্য যে, এই ব্ৰহ্মযজ্ঞানুষ্ঠানৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব। আউলাচৌকাৰ কল্যান পুৰ শাখা ব্ৰাহ্মণ সভাৰ উদ্যোগত বিশ্বশান্তি আৰু মানৱ কল্যানাৰ্থে “কুশ-শশী সোৱৰণী সমন্বয় ক্ষেত্ৰত”হয় এই ১২১ সংখ্যক ব্ৰাহ্মণ সভা।
বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভণি কৰা এই মহান অনুষ্ঠানটিত বিশ্ব মানৱ শান্তিৰ বাবে নৱগ্ৰহ যজ্ঞ আৰু বিষ্ণু যজ্ঞ অনুষ্ঠিত কৰি বিশ্বব্ৰহ্মাণ্ডৰ পৰা মহামাৰী যাতে নাইকীয়া হয় তাৰেই কামনা কৰে উদ্যোগক্তা সকলে।