প্ৰবীণ বৰুৱা, মঙলদৈঃ ৰাজ্যত চলি আছে গুণোৎসৱ, ৰাজ্যৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মীচাৰী ব্যস্ত গুণোৎসৱত। একেদৰে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী ব্যস্ত নিজ নিজ বিদ্যালয়ত ।

এনে সময়তে কণ কণ শিক্ষাৰ্থীক  বিদ্যালয় এৰাই হোটেল ৰেষ্টুৰেণ্টত কাম কৰাই আহিছে এচাম অসাধু ব্যৱসায়ীয়ে । বৃহস্পতিবাৰে মঙলদৈত চাইল্ড লাইন, শ্ৰম বিভাগৰ অভিযানত উদ্ধাৰ হয় এনে স্কুল এৰাই শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা শিশু।

মঙলদৈ চহৰৰ মাজমজিয়াত চাৰিআলি পইন্টৰ বিন্দু মিষ্টান ও চাট হাউচত শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত উদ্ধাৰ শিশুটি। ইতিমধ্যে দোকানখনৰ স্বত্বাধীকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে শ্ৰম বিভাগে।

চৰকাৰৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানে শিশু শ্ৰমিক ব্যৱহাৰ নকৰিবলৈ বিভিন্ন সজাগতাৰ কাৰ্যসূচী চলাই যোৱাৰ পিছতো এনে অসাধু লোকে বাৰে বাৰে ভংগ কৰি আহিছে শিশু সুৰক্ষা আইন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply