মঙলদৈঃ পখিলা খেদাৰ বয়সতে বিছনাত ছটফটাই আছে মঙলদৈ ডাঁহী বনিয়াপাৰাৰ এটি কণমানি শিশুই। ডাঁহী বনিয়াপাৰাৰ মুন্না বনিয়াৰ একমাত্ৰ চাৰি বছৰীয়া কন্যা সন্তানটি জন্মৰ সময়ত সুস্থ আছিল যদিও তাইৰ ন মাহ বয়সত আৰম্ভ হয় এক অচিন ৰোগ। এই শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালটিৰ সকলো আ-অলংকাৰ, মাটি-বাৰী, গৰু- ছাগলী বিক্ৰী কৰিবলীয়া হৈছে৷ বৰ্তমান ছোৱালীজনী চাৰি বছৰত ভৰি দিলে যদিও একেবাৰে সুস্থ নহয়।
উপায়হীন হৈ দুৰ্ভগীয়া পৰিয়ালটিয়ে কৰযোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰিছে।
শিশুটিৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালটিক প্ৰয়োজন আৰ্থিক সাহাৰ্য্যৰ। যদি কোনো সুহৃদয় লোকে শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেনেহ’লে শিশুটিৰ মাতৃ জিন্তি মনি ৰাজবংশীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ডাঁহী শাখাত থকা 7064026004813 নম্বৰৰ IFSC CODE –UTBI0RRBAGB একাউণ্টত সাহাৰ্য্যৰ ধন আগবঢ়াব পাৰিব।