মঙলদৈঃ মঙলদৈ পটালসিং পাৰাৰ অতুল শৰ্মাৰ মৃতদেহ পুতি থোৱাৰ পৰা প্ৰশাসনে উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰশাসনে সৎকাৰৰ বাবে মঙলদৈ কৰিম চকৰ ৰাজহুৱা শ্মশানলৈ লৈ আনি সৎকাৰৰ ব্যৱস্থা কৰে।

কৰ্মসূত্ৰে পঞ্জাৱত থকা পুত্ৰ প্ৰাঞ্জল শৰ্মা ইতিমধ্যে আহি শ্মশানত উপস্থিত হৈছে। পুত্ৰ প্ৰাঞ্জলে পিতৃ অতুল শৰ্মাৰ চিতাত অগ্নি সংযোগ কৰে। অতুল শৰ্মাৰ সৎকাৰত দৰং জিলা প্ৰশাসন, বিভিন্ন দল সংঘটনৰ লগতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস আৰু মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাস।
ইতিমধ্যে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ দৰং জিলা সমিতিয়ে ঘটনা সংক্ৰান্তত বিনোদ শৰ্মা, যাদৱ শৰ্মা, জগত শৰ্মা, লংকেশ্বৰ শৰ্মা, অৰুপ বৰদলৈ, তিলক শৰ্মা, চন্দন শৰ্মা আৰু কমলা শৰ্মা ৰ বিৰুদ্ধে এজাৰ দাখিল কৰে। লগতে দোষী ব্যক্তি সকলক অতি সোনকালে উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,469 other subscribers

Leave a comment

Leave a Reply Cancel reply