মঙলদৈঃ পূৱ মঙলদৈ উন্নয়ন খণ্ডত অনুষ্ঠিত এক সংবাদ মেলত উন্নয়ন খণ্ডৰ সহকাৰী উন্নয়ন বিষয়া সুজিত ঠাকুৰীয়াৰ সমৰ্থনত ওলাই আহিল পূব মঙলদৈৰ আঞ্চলিক পঞ্চায়তৰ সদস্য সকল। আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ মতে দুৰ্নীতি নিবাৰক শাখাক বিপথে পৰিচালনা কৰিছে একাংশ দালালে। এই ক্ষেত্ৰত দালাল আখ্যা দিছে সুজিত ঠাকুৰীয়াৰ বিৰুদ্ধে অভিযোগ অনা ছিদ্দিক আলীক।
ছিদ্দিক আলীয়ে পঞ্চায়ত চৌহদত সহকাৰী উন্নয়ন বিষয়া সুজিত ঠাকুৰীয়াৰ পকেটত জোৰ কৰি ৫০০ টকা সুমুৱাই দি দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে আটক কৰোৱাৰ অভিযোগ আনিছে চাক্ষুক সাক্ষীয়ে।
ছিদ্দিক আলীয়ে ব্যক্তিগত শত্ৰুতা পূৰণৰ বাবেই এনে পদক্ষেপ লোৱা বুলি কয় সদস্য সকলে। কাৰণ ১৫ বিত্তীয় বৰ্ষৰ বিল পাছ কৰাৰ নামত উক্ত ৫০০ টকা দিয়া বুলি ছিদ্দিক আলীয়ে দেখুৱাই যদিও ছিদ্দিক আলী ১৫ বিত্তীয় বৰ্ষৰ কামৰ সৈতে কোনো ধৰণে জড়িতই নহয়।
তেনেক্ষেত্ৰত কি কাৰণত সেই উৎকোচ দিলে বুলিও সংবাদ মেল যোগে প্ৰশ্ন কৰিলে সদস্য সকলে। সেয়ে প্ৰকৃত ঘটনা সন্দৰ্ভত তন্ন তন্নকৈ তদন্ত কৰি প্ৰকৃত সত্য পোহৰলৈ অনাৰ বাবে দুৰ্নীতি নিবাৰক শাখাক অনুৰোধ কৰে।
উল্লেখ্য যে, দৰঙত একাংশ দালালে ৰাজ্যৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াৰ লগত অতি ঘনিষ্ঠ দেখুৱাই বিভিন্ন চৰকাৰী বিষয়াৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে।