মঙলদৈঃ দৰং জিলাৰ পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত জলজলী পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবাসগৃহ আৱন্তনক লৈ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। চাহ খাবলৈ, বাইকৰ তেল ভৰাবলৈ পইচা নিদিলে ঘৰৰ নাম কাটে পঞ্চায়ত সচিবে। সোমবাৰে আবাসগৃহ নোপোৱাকলৈ একাংশ দৰিদ্ৰ মহিলাই পঞ্চায়ত কাৰ্যালয়তে পঞ্চায়ত সচিবৰ বিৰুদ্ধে ৰুদ্ৰমূৰ্তি ধাৰণ কৰে। কিয়নো অভিযোগকাৰীৰ অভিযোগ মতে ২০১১ বৰ্ষৰ আৰ্থ-সামাজিক আৰু জাতি পিয়লৰ আধাৰত চৰকাৰী আবাস গৃহৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈ আছিল যদিও জলজলী পঞ্চায়তত নতুনকৈ যোগদান কৰা পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব বিদ্যুৎ শৰ্মাই ২০১১ পিয়লৰ আধাৰৰ আবাস যোজনাৰ তালিকাৰ নাম কৰ্তন কৰি নিজৰ মতে নাম অন্তৰ্ভুক্ত কৰে। আনকি চাহ খাবলৈ , বাইকৰ তেল ভৰাবলৈ পইছা নিদিলেও ঘৰৰ নাম কতাৰ অভিযোগ কৰে অভিযোগকাৰীয়ে।
লগতে পঢ়কঃলখিমপুৰত দলং নিৰ্মাণত দুৰ্নীতি:ৰাইজৰ ক্ষোভ
পঞ্চায়ত সচিবগৰাকীয়ে সৰ্বসাধাৰণৰ লোকক সততে বেয়া ব্যৱহাৰ কৰা, পঞ্চায়তৰ নিৰ্বাচিত সভাপতি সদস্যৰ কোনো কথা নমনা আৰু নিয়মিতভাৱে ভাৱে কাৰ্যালয়ত উপস্থিত নথকাৰো অভিযোগ উত্থাপন হৈছে। প্ৰতিটো সময়তে জ্যেষ্ঠ বিষয়াৰ নাম কৈ পঞ্চায়তৰ নিৰ্বাচিত সভাপতি সদস্যৰ কথা আওকাণ কৰি কেইজন মান দালাল শ্ৰেণীৰ লোকৰ দ্বাৰা সকলো কাম কৰে বুলিও আন এক গুৰুত্বপূৰ্ণ অভিযোগ কৰে পঞ্চায়ত সচিব বিদ্যুৎ শৰ্মাৰ বিৰুদ্ধে। এনে এজন পঞ্চায়ত সচিবৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।