প্ৰবীণ বৰুৱা, মঙলদৈ: শুকুৰবাৰে নিশা ৯ বজাৰ পৰা আৰম্ভ  হোৱা এজাক ধুমুহাই টচনচ কৰিলে মঙলদৈ। ধুমুহাৰ ফলত বহু কেইখন বিহু সমিতিৰ পেণ্ডল ক্ষয়-ক্ষতি হোৱাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ধুমুহাই উৰুৱাই নিয়ে। 

মঙলদৈ চহৰৰ লগতে জনাৰাম চৌকা ,কেওত পাৰা, পকা বাঙি পাৰা, ডাহি গনক পাৰা, তামুলী পাৰা, প্ৰফুল্ল নগৰ আদি ঠাইৰ বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষয ক্ষতি হয়। বহু পৰিয়ালৰ বাসগৃহ টিন বহু দৃৰলৈ উৰুৱাই নিয়ে ধুমুহাই।

ধুমুহা আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে মঙলদৈত বিজুলী যোগান বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বহু অসুবিধাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ লোক। প্ৰলয়ংকাৰী ধুমুহাৰ ফলত মঙলদৈৰ বহু কেইখন চৰকাৰী বেচৰকাৰী স্কুল ক্ষয়-ক্ষতি হোৱাৰ লগতে বহু কেইটা চৰকাৰী কাৰ্যালয়ৰো বিস্তৰ ক্ষতি হয়।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গছ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাতি ২ বজা পৰ্যন্ত যোগাযোগ ব্যৱস্থা বন্ধ হৈ থাকে। ৰাতিৰ ভিতৰতে জিলা প্ৰশাসনে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুকলি কৰিবলৈ সক্ষম হয়।

মঙলদৈৰ বিভিন্ন ঠাইত বতাহ, ধুমুহা, বৰষুণত উঘালি পৰে গছ বিদ্যুতৰ খুঁটা। বিদ্যুৎ বিভাগে জৰুৰীকালীনভাৱে কাম কৰি থকা পৰিলক্ষিত হয় যদিও বিজুলী যোগান ধৰিবলৈ বহু সময়ৰ প্ৰয়োজন হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply